2025-10-01 11:04:03 +05:30

4.4 KiB

এক দৃষ্টিত কেনেকৈ

Free-Programming-Books লৈ স্বাগতম!

আমি নতুন অৱদানকাৰীসকলক স্বাগতম জনাওঁ; আনকি সেইসকলকো যিসকলে GitHub ত তেওঁলোকৰ একেবাৰে প্ৰথম Pull Request (PR) কৰি আছে। যদি আপুনি তেওঁলোকৰ মাজৰ এজন, তেন্তে ইয়াত কেইটামান সম্পদ আছে যি সহায়ক হ'ব পাৰে:

প্ৰশ্ন সুধিবলৈ দ্বিধাবোধ নকৰিব; প্ৰতিজন অৱদানকাৰী প্ৰথম PR ৰে আৰম্ভ কৰিছিল। গতিকে... কিয় আমাৰ বৃহৎ, ক্ৰমবৰ্ধমান সম্প্ৰদায়ত যোগদান নকৰে।

ব্যৱহাৰকাৰী বনাম সময়ৰ গ্ৰাফ চাবলৈ ক্লিক কৰক।

EbookFoundation/free-programming-books's Contributor over time Graph

EbookFoundation/free-programming-books's Monthly Active Contributors graph

আনকি যদি আপুনি এজন অভিজ্ঞ মুক্ত উৎস অৱদানকাৰী, তথাপিও কিছুমান কথা আছে যিয়ে আপোনাক বিভ্ৰান্ত কৰিব পাৰে। আপুনি আপোনাৰ PR দাখিল কৰাৰ পিছত, GitHub Actions এ এটা linter চলাব, প্ৰায়ে spacing বা alphabetization ৰ সাৰু সমস্যা বিচাৰি পায়। যদি আপুনি এটা সেউজীয়া বুটাম পায়, সকলো পৰ্যালোচনাৰ বাবে সাজু; কিন্তু যদি নহয়, বিফল হোৱা check ৰ তলত "Details" ত ক্লিক কৰি জানি লওক linter টোৱে কি ভাল পোৱা নাই, আৰু সমস্যাটো সমাধান কৰি আপোনাৰ PR খোলা শাখাত নতুন commit এটা যোগ কৰক।

অৱশেষত, যদি আপুনি নিশ্চিত নহয় যে আপুনি যোগ কৰিব বিচৰা সম্পদটো Free-Programming-Books ৰ বাবে উপযুক্ত হয়, CONTRIBUTING (অনুবাদসমূহো উপলব্ধ) ত থকা নিৰ্দেশনাসমূহ পঢ়ক।